ভাষা: EN AS

সুৰক্ষা

চামগুৰি দিৱস

  • সুৰক্ষা সম্বন্ধীয় সজাগতা বৃদ্ধিৰ কাৰনে অসম বিদ্যুৎ সংবহন নিগম লিমিটেডে প্ৰতিমাহৰ ১৭ তাৰিখে দিনযোৰা কাৰ্যসূচীৰে ‘চামগুৰি দিৱস’ উদযাপন কৰে। সুৰক্ষাৰ দিশত সজাগতাৰ অভাৱৰ কাৰণে সংঘটিত হোৱা বিভিন্ন দুৰ্ঘটনা প্ৰতিৰোধ কৰি সুৰক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব আৰু দৈনন্দিন জীৱনত ইয়াক এক অবিচ্ছেদ্য অংগ হিচাপে গ্ৰহণ কৰাৰ লক্ষ্যৰে ‘চামগুৰি দিৱস’ৰ আয়োজন কৰা হয়।
  • প্ৰতি মাহৰ ১৭ তাৰিখ দিনটো এই দিৱস উদ্‌যাপনৰ বাবে বাছনি কৰি লোৱাৰ প্ৰধান কাৰণ হৈছে ২০২০ বৰ্ষৰ ১৭ চেপ্তেম্বৰ তাৰিখে চামগুৰিত ২২০কেভি উপকেন্দ্ৰত ৩৩ কেভি ফীডাৰৰ ক্ৰুটিপূৰ্ণ সংৰোপণ আৰু অত্যাধিক বিদ্যুৎ পৰিবহনৰ ফলস্বৰূপে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা অনাকাংক্ষিত ঘটনাৰ স্মৃতি ৰোমন্থন। এই দুৰ্ঘটনাত বহু মূল্যবান সামগ্ৰী জুইত জাহ যায়।
  • এই ঘটনাৰ পৰা এক শিক্ষা গ্ৰহণ কৰি অসম বিদ্যুৎ সংবহন নিগম লিমিটেডৰ মাননীয় অধ্যক্ষৰ নেতৃত্বত চামগুৰিৰ ঘটনাৰ স্মৃতি ৰোমন্থন কৰি আৰু দৈনন্দিন সুৰক্ষা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সঁজুলিসমূহৰ দৈনন্দিন ব্যৱস্থাপনাৰ অভ্যাস গঢ়ি তোলাৰ লক্ষ্যৰে ‘চামগুৰি দিৱস’ৰ আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
  • সুৰক্ষা, পৰিষ্কাৰ-পৰিচ্ছন্নতা সম্বন্ধীয় বিভিন্ন প্ৰদৰ্শনীৰ আয়োজন আৰু সুৰক্ষা বিষয়ক বিষয়সমূহৰ আলোচনা আদিৰে এই দিৱসৰ কাৰ্যসূচী আৰম্ভ হয় । তাৰপিছত এ ই জি চি এলৰ অধ্যক্ষৰ অধ্যক্ষতাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে  এখন আলোচনা আয়োজন কৰা হয়। এই আলোচনাত এ ই জি চি এলৰ সকলো পৰ্যায়ৰ বিষয়াই অংশগ্ৰহণ কৰে। অৱশেষত ক্ষেত্ৰ/উপকেন্দ্ৰ পৰ্যায়ত আকৌ সভাৰ আয়োজন কৰা হয় আৰু এই সভাত উচ্চপৰ্যায়ৰ বৈঠকত মুখ্য কাৰ্যালয়/উচ্চপদষ্ঠ বিষয়াসকলে গ্ৰহণ কৰা সিদ্ধান্তসমূহ আৰু নিৰ্দেশসমূহ সংসাধন কৰা বিষয়ত আলোচনা কৰা হয়।
  • ‘চামগুৰি দিৱস’ৰ উদ্‌যাপনৰ ফলাফল অতি ফলপ্ৰসূ হিচাপে পৰিগণিত হৈছে। ইয়াৰ ফলস্বৰূপে এ ই জি চি এলৰ কৰ্মচাৰীসকলৰ মাজত সজাগতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে লগতে সঁজুলিসমূহৰ দৈনন্দিন ব্যৱস্থাপনা আৰু উপকেন্দ্ৰসমূহৰ চৌহদ পৰিষ্কাৰ-পৰিচ্ছন্নতা অটুট থকাৰ দিশটো সুন্দৰ ৰূপত প্ৰতিফলিত হৈছে।
    •  

       

       

      Sl No Description Download
      1 ট্ৰেন্সমিচন পদ্ধতিৰ সুৰক্ষা মেনুৱেল Download