ভাষা: EN AS

এ ই জি চি এলৰ ৰূপৰেখা

অসম বিদ্যুৎ সংবহন নিগম লিমিটেড, ১৯৫৬ চনৰ কোম্পানী এক্টৰ অধীনত পঞ্জীভূত এক উন্নয়নমুখী ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। পুনৰ সংগঠিত অসম বিদ্যুৎ ৰাজ্যিক পৰিষদৰ পৰা ২০০৩ চনত ইয়াৰ গঠন হয় আৰু ‘ষ্টেট ট্ৰেন্সমিচন ইউটিলিটি’ (STU) হিচাবে ঘোষণা কৰা হয়। ইয়াৰ প্ৰধান কাৰ্য হৈছে বিদ্যুৎ শক্তিৰ মূল আস্থান সমূহ ( Electrical Power Bulk Heads) ৰ পৰা দক্ষতাৰে অসম শক্তি বিতৰণ কোম্পানীসমূহলৈ বিদ্যুৎ পৰিবহণ কৰা। অসম বিদ্যুৎ পৰিষদৰ উত্তৰসূৰী হিচাপে অসম বিদ্যুৎ সংবহন নিগম লিমিটেডে ৬৬ কেভিৰ ওপৰৰ/ভল্টেজ ক্লাচৰ ৩৮৬২ ckt km লাইন লাভ কৰে। তদুপৰি মুঠ ১৬৩৬.৫০ MVA সংবহন ক্ষমতা সম্পন্ন মুঠ ৩৮ টা উপকেন্দ্ৰ (Substation) লাভ কৰিছিল। ২০০৩ চনৰ জন্মৰ সময়ৰ পৰা বৰ্তমান ২০২২ চনৰ জুন মাহলৈকে নতুন নতুন লাইন আৰু উপকেন্দ্ৰৰ সংযোজনেৰে এ ই জি চি এলৰ সংবহন ক্ষমতা ৭৫৮৩ MVA লৈ, লাইনৰ দৈৰ্ঘ্য ৫৭৮৪ ckt km লৈ আৰু উপকেন্দ্ৰৰ সংখ্যা ৭১ টালৈ বৃদ্ধি হয় য’ত আছে এটা ৪০০ কেভি, ১২ টা ২২০ কেভি আৰু ৫৮ টা ১৩২ কেভিৰ উপকেন্দ্ৰ।

 

ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ STU হিচাপে অসম বিদ্যুৎ সংবহন নিগম লিমিটেডে এক শক্তিশালী ভূমিকা পালন কৰি আহিছে। ই সমগ্ৰ উত্তৰ-পূব ভাৰতৰ অগ্ৰগতিৰ প্ৰতি থকা দায়বদ্ধতা তথা দায়িত্ববোধ সম্পৰ্কে জ্ঞাত। উত্তৰ-পূবৰ ভগ্নী ৰাজ্যসমূহলৈ বিদ্যুৎ শক্তিৰ এক উচিত অংশৰ পৰিবহণৰ জৰিয়তে ই সদায় উল্লেখযোগ্য সহায় সহযোগিতা আগবঢ়াই আহিছে।

 

উল্লেখ্য যে, এ ই জি চি এল এ ধাৰাবাহিকভাৱে ৯৯% বা তাতোধিক ট্ৰেন্সমিচন চিষ্টেমত উপলব্ধতা অব্যাহত ৰাখিছে যি অন্যান্য আগশাৰীৰ ‘নেচনেল ট্ৰেন্সমিচন ইউটিলিটি’ সমূহৰ সমপৰ্যায়ৰ। বিদ্যুৎ সংবহনৰ ক্ষেত্ৰত দেখা দিয়া সকলো ধৰণৰ আসোঁৱাহ তথা অসুবিধাসমূহ দূৰ কৰি সঠিক গুণগত মানদণ্ড বজাই ৰাখি নিৰবিচ্ছিন্নভাৱে সেৱা আগবঢ়াবলৈ এ ই জি চি এল সংকল্পবদ্ধ।